কাঠনিবাৰী ঘাট eBook
গ্ৰন্থ ৱিৱৰণ :
কাঠনিবাৰী ঘাট অসমীয়া ভাষাৰ এখন উপন্যাস৷ ঔপন্যাসিক মহিম বৰা৷উপন্যাসখনৰ প্ৰথম প্ৰকাশ হয় ১৯৬১ চনত৷
উপন্যাসখনত কাঠনিবাৰী ঘাটত জাহাজৰ বাবে অপেক্ষা কৰি কটোৱা এটি উজাগৰী নিশা, তাৰ ৰোমাঞ্চকৰ পৰিৱেশ আৰু আকস্মিক কৰুণ পৰিসমাপ্তি দেখুৱা হৈছে। গল্পটো লেখকৰ নিজা অভিজ্ঞতাৰ বর্ণনাৰে আৰম্ভ হৈছে। গল্পটোৰ বিষয়বস্তু সংক্ষেপে এনেধৰণৰ— ব্ৰহ্মপুত্ৰৰ পাৰত দ’ম হৈ পৰি আছে কয়লাৰ পাহাৰবোৰ। বাৰিষা বতৰত ব্ৰহ্মপুত্ৰৰ পানী ৰাজআলিৰ কাষ পায়গৈ। বালিৰ ওপৰত চচ, তর্জা আদি পেলাই অহা-যোৱা কৰা বাট কৰা হৈছে। এয়েই কাঠনিবাৰী ঘাট। ইয়াত এখন চাহৰ দোকান আছে। দোকানখন বালিত পোতা বাঁহৰ চাঙৰ ওপৰত খেৰৰ চালি দি নির্মিত। জাপ দুৱাৰখন বহল। কেৰাচিন টিনৰ টাপলি দি সজা। বাঁহৰ খুঁটা চাৰিটাৰ ওপৰত দুচলা ফলীয়া বাঁহ দি নিৰ্মাণ কৰা এখন বহা বেঞ্চ। ইয়াত যাত্রীসকলে চাহ খোৱা, বিড়ি কিনা, চিগাৰেট জ্বলোৱা, কথা পতা আদি কৰিব পাৰে। লেখকে এখন গৰুগাড়ী আহি ঘাটৰ ওচৰত ৰোৱা দেখিলে। গৰুগাড়ীখনৰ পৰা এজন পোন্ধৰ-ষোল্ল বছৰীয়া ল’ৰা আৰু এগৰাকী সদ্য বিবাহিতা মহিলা ঘাটলৈ নামি আহে। সেইদিনা জাহাজ বহু পলমকৈ অহাৰ কথা। সন্ধ্যা লাগি যোৱাৰ পাছতো জাহাজৰ কোনো খবৰ নাহিল। জাহাজঘাটত লেখকে দেখা পোৱা ল’ৰাজনৰ নাম আছিল বৰুণ আৰু গাভৰুজনী বৰুণৰ বায়েক। তেওঁলোকে ঘাটত জাহাজৰ অপেক্ষাত থাকোঁতে ক্ৰমাৎ লেখকৰ লগত পৰিচয় হ’ল। গাভৰুগৰাকীৰ দেউতাকে এখন চাহ বাগানত চাকৰি কৰে। গাভৰুগৰাকীৰ বিয়া হোৱা বেছিদিন হোৱা নাই। স্বামীৰ ঘৰ যোৰহাটত। তেওঁলোক যোৰহাটলৈ যাবলৈ আহিছে। গাভৰুগৰাকী এসপ্তাহৰ কাৰণে দেউতাকৰ ঘৰলৈ আহিছিল। কিন্তু হঠাতে যোৰহাটৰ পৰা এখন টেলিগ্রাম অহাত সদ্য বিবাহিতা গাভৰুগৰাকী ভায়েক বৰুণৰ সৈতে যোৰহাটলৈ যাবলৈ আহিছে। তেওঁলোক জাহাজৰে শিলঘাটলৈ যাব আৰু তাৰ পাছত বাছত উঠি যোৰহাটলৈ যাব। টেলিগ্রামখনত গাভৰুগৰাকীৰ স্বামীৰ চাইকেল দুর্ঘটনা হোৱা বুলি লিখিছে আৰু চিন্তাৰ কোনো কাৰণ নাই বুলি জনাইছে। কিন্তু সোনকালে মাতি পঠোৱা বাবে গাভৰুগৰাকীয়ে ভায়েক বৰুণক লগত লৈ জাহাজঘাটলৈ আহিছে। সেইনিশা জাহাজখন সময়মতে আহি নোপোৱাত ৰাতিটো ঘাটতে থাকিবলগীয়া হ’ল। লেখকৰ লগত গাভৰুগৰাকী আৰু ভায়েক বৰুণৰ চিনা-পৰিচয় হোৱাৰ পাছত লাহে-লাহে আত্মীয়তা গঢ়ি উঠে। বহু পলমকৈ জাহাজখন ঘাটত আহি ৰয় যদিও কিবা যান্ত্রিক বিজুতিৰ বাবে মেৰামতি কৰিব লাগিব বুলি টিকট মাষ্টৰে জনালে। জাহাজখনৰ পৰা বৰুণৰ বায়েকৰ এজন দূৰ সম্পৰ্কীয় দেওৰেক নামি আহিল। তেওঁৰ নাম মামু। দেওৰেকে নবৌৱেকক আগবঢ়াই নিবলৈ আহিছে। গাভৰুগৰাকীয়ে স্বামীৰ দুৰ্ঘটনাৰ বিষয়ে দেওৰেকক প্রশ্ন কৰাত চিন্তাৰ কোনো কাৰণ নাই বুলি কয়। তেতিয়া গাভৰুগৰাকীৰ লগতে বৰুণ আৰু লেখকে যথেষ্ট সকাহ অনুভৱ কৰে৷ বৰুণৰ বায়েকে নাও এখন ভাড়া কৰি শিলঘাটলৈ যাব বিচাৰে, কাৰণ জাহাজত গ’লে পলম হ’ব আৰু শিলঘাটৰ পৰা যোৰহাটলৈ যোৱা বাছখন ধৰিব নোৱাৰিব। সেই মতেই তেওঁলোকে নাও এখন ভাড়া কৰি শিলঘাটলৈ ৰাওনা হ’ল। লগত লেখক আৰু গাভৰুগৰাকীৰ দেওৰেক মামুও আহে।শিলঘাটত বৰুণ আৰু বৰুণৰ বায়েক বাছত উঠে। ইফালে মামু চাহ দোকানলৈ গৈ বহু দেৰিলৈকে উলটি নহাত লেখকে তেওঁক বিচাৰি চাহৰ দোকান পায়। তেতিয়া মামুৱে উত্তেজিত হৈ চিগাৰেট হুপি আছিল। লেখকে মামুক সোনকালে বাছত উঠিবলৈ কয়। তেতিয়া মামুৱে লেখকক এইবুলি জনালে যে সি অভিনয় হে কৰি আছে, নবৌৱেকৰ আগত মিছা কথা কৈ আহিছে। সঁচা কথাটো হ’ল, ককায়েকৰ মটৰ দুৰ্ঘটনাত মৃত্যু হৈছে। কথাখিনি কৈয়ে মামুৱে বাছখনত জঁপিয়াই উঠে আৰু বাছখনে যাত্ৰা আৰম্ভ কৰি অদৃশ্য হৈ পৰে।
| (6 July 1924 – 5 August 2016) |
Comments
Post a Comment