ধৰিত্ৰী-১ (বিশ্ব পৰিবেশ দিৱসৰ ওপৰত ভিত্তি কৰি ৰচিত কবিতা, গল্প, প্ৰবন্ধ ইত্যাদি। World Environment Day)



SLOGANS :

Global Warming is Global Warning.   

Save Earth to Save Life.

Keep calm & go green.

Poems ( বিশ্ব পৰিবেশ দিৱসৰ ওপৰত কবিতা) :

(1)

লকডাউন প্ৰকৃতি পুৰান

-------------------------------------------

অৱগুণ্ঠনে ঢাকি ৰখা ৰাঙলী জবা

বেংচটা, ভেঁকুৰেও বজালে দবা।

ফেচুঁ বায়ে হুটা মাতে দিলে উৰুলি,

দূৰত্ব মানি কেতেকীয়েও বজালে সুহুৰি।


দৰাঘৰৰ পোন্ধৰ জনীয়া জোৱানৰে গোট,

মাস্ক খনে ঢাকি দিলে জবা আইদেউৰ মুখ।

দৰা সাজে মৌ পিয়াই লগালেহি মাত,

মাজে মাজে কৈ গ'ল ধুই লোৱা হাত।


ধনেশ আহিল,ময়ূৰ আহিল

দলিচাতে বহিল,

বৰটোকোলাইয়েও চেগ চাই

মান চাডা মলিল।


লাহে লাহে চলি গ'ল বিয়াৰ ৰীতি-নীতি,

পুৰোহিতে গৰমতে কোচাই ললে ধূতি।

গোলাপে বোলে তগৰ বাই,লওগে ব'লা জুতি,

জবা মাকে পুলাও লগত বেলিছে চাগে ৰুটি।


নাৰ্জীয়ে শিয়ালীক বাটতে পালে লগ,

কোনফালেনো যোৱা পাছে লৈ মস্ত জগ,

শিয়ালীয়ে বোলে নাৰ্জী পৰিস্থিতি বেয়া,

লকডাউন নিদিবলৈ বনৰ ৰজালৈ ঘোচ আনিছো এইয়া।

            

               ✍️পুলকেশ বৰুৱা

            দশম শ্ৰেণী, লখিমপুৰ।

 

 (2)

....... " প্ৰত্যাশা--২ ".......


আশাবোৰ পূৰণ হ'ব লৈছে,

চাওঁকচোন,হিংসাবোৰো নোহোৱা হৈছে,

বৃদ্ধাশ্ৰমবোৰো নোহোৱা হ'ল চোন,

চাওঁকচোন অনাথ আশ্ৰমবোৰো

 নোহোৱা হ'ব ধৰিছে,

এতিয়া আৰু নাই হিংসা- বিদ্ৰোহ ঘৃণা..!


চাওঁকচোন আজি কালি অৰুণে ও...

নতুন কিৰণেৰে পোহৰৰ ....,

আৱৰণ ৰচিছে, ক্ৰমশ!...


মনৰ পদূলীত নতুন আশা,

নতুন হেপাঁহ ,নতুন চিন্তা ,

নতুন সৃষ্টিৰ উদ্ভৱ হৈছে!


হিংসা,বিদ্ৰোহৰ অৱসান ঘটি ...,

মৰমৰ ফুলজোপাই নতুনকৈ ..,

পোখা মেলিছে,নতুন পোচাকেৰে...।


এই চিন্তা ,এই সৃষ্টি নিজৰ বাবে নহয়!

আটাইৰেবাবে, চাওঁকচোন,

 স্বাৰ্থপৰো নোহোৱা হ'ল..!


 ক্ৰমশ! এনে হোৱা হ'লে...!

 জানো,কেতিয়াওঁ নহয়,

 যদি পৃথিৱীৰ পৰা স্বাৰ্থই নোহোৱা হয়,

 সুখী ব্যক্তিয়ে নোহোৱা হ'ব চোন,

 হিংসা,বিদ্ৰোহ,ঘৃণা,মিছা মৰম ,

 নাথাকিলেই ,শান্তিৰ পৰিৱেশত..

 অশান্তিৰ বীজ সিচাঁ মানুহেই নাথাকিব চোন...!


 সকলোৱেটো ৰাম নহয়,,,ৰাবনো!

বৃদ্ধাশ্ৰম, অনাথ আশ্ৰমৰ মৃত্যু কেতিয়াবা,

 হ'ব নে নহয় নাজানো,

 কিন্তু নতুন আশাৰ ,নতুন সৃষ্টিৰ ,

 বীজ সিচিব ,আমিবোৰেই লাগিব,!


ফল ধৰে ,নধৰে তাৰ বিবেচনা সময়,

আৰু ভাগ্যৰ! মৰমবোৰে নতুনকৈ ...

পোখা মেলক,সেউজীধৰাই..

নতুনকৈ হাহঁক, কামনা সেয়াই...!!!॥

অৰ্থহীন সপোনৰ নিৰৰ্থক যাত্ৰাত ....

সপোনে ককবকালেওঁ....!

নতুনৰ আৰম্ভনি বাৰুকৈয়ে বিছাৰো...!

কিন্তু কেতিয়া........?


                  ....... ✍ জিন্টু দাস....


                 বাক্সা

 

 (3)

বিশ্ব পৰিবেশ দিৱস।

===============

অনন্ত কুমাৰ ভূঞা।


অপৰূপ সৃষ্টিৰ জৈৱ বৈচিত্ৰ্য ভূমি,

পৰ্ব্বত পাহাৰ নদ নদী জান জুৰি সাগৰ

সমভূমি মালভূমি মৰুভূমি 

অনুপম পৰিবেশ এই পৃথিৱীৰ।


জীৱকুল পক্ষীকুল 

জলচৰ স্থলচৰ উভচৰ প্ৰানীৰ

জৈৱ বৈচিত্ৰৰ মোহময়ী পৰিবেশ ধৰাৰ,

প্লাৱনৰ তাণ্ডৱ,সাগৰীয় চুনামী 

আগ্নেয়গিৰি , ভূমিকম্প আদি 

প্ৰাকৃতিক দুৰ্য্যোগে

নষ্ট কৰে সজীৱ পৰিবেশ পৃথিৱী বুকুৰ।


নিষ্ঠুৰ সময়ে 

বিল জলাহ পিতনি দলনি নিঃশেষ কৰিছে,

চিলনি শগুন হাড়গিলাই

জিৰাবলৈ বৰগছ বিচাৰি প্ৰবাসী হৈছে ,

বাঘ হাতী নিঠৰুৱা হ'ল

খাদ্যৰ সন্ধানত নগৰৰ আলহি হবলৈ গ'ল ।


মানুহৰ অত্যাচাৰত অৰণ্যই কান্দিছে,

প্ৰগতিৰ উত্তৰণত 

স্তম্ভিত হৈ পৰিছে বিশ্ব পৰিবেশ--

নিঃশেষ হৈ আহিছে সৃষ্টিৰ জৈৱ বৈচিত্ৰ্য ,

সচেতন জনতাই সজাগতাৰ বাবে পাতিছে

বিশ্ব পৰিবেশ দিৱস ।


দিহিং পাটকায়ে চকুপানী টুকিছে,

মানাহ কজিৰঙা ওৰাং

ৰাস্ত্ৰীয় উদ্যান আজি শ খীনাইছে ,

ৰাসায়নিক আৰু আনৱিক প্ৰতিযোগিতাই 

বায়ু প্ৰদুষনৰ অশনি সংকেত আনিছে ।


"অৰণ্য"আমাৰ বন্ধু ---

প্ৰতিক্ষণে অস্কিজেন ধৰিছে যোগান  ,

গছ থাকিলেহে মানুহ জীয়াই থাকিব,

এই মুল মন্ত্ৰ সকলোৱে পাহৰিলে,

"এক বৃক্ষ দশ পুত্ৰ সম" 

মহাপুৰুষে দি গৈছে সাৱধান বানী,

"চিবকো"আন্দোলন 

পৰিবেশ সংৰক্ষণ অনন্য সাক্ষী,

"গোলকীয় উষ্ণতা" ই 

বিশ্ব মানৱৰ টোপনি কাঢ়িছে 

শব্দ প্ৰদূষণত 

লেতেৰা হৈছে সামাজিক পৰিবেশ।


আহক ! 

হাতত হাত ধৰি সমস্বৰে মন বান্ধি 

এটি এটিকৈ গছ পুলি ৰুঁ‌ই

ৰক্ষা কৰোঁ‌ সেউজীয়া পৰিবেশ আমাৰ,

যিদৰে অজানিতে 

চৰাই বতাহ বৰষুণ নদীয়ে

ৰুই গৈছে গছ গছনি প্ৰকৃতিৰ বুকুত।


ব্ৰহ্মপুত্ৰ চাপৰিত যাদৱ পায়েঙে 

মুলাই কাঠনি গঢ়িছে ,

"অৰণ্য মানৱ" নামে বিশ্বই জানিছে,

আজি বিশ্ব পৰিবেশ দিৱসত 

জন জাগৰণৰ এটাই শ্লগান হওক

"পৰিবেশ ৰছোঁ‌ - পৰিবেশ গঢ়ো ।"

========================

অনন্ত কুমাৰ ভূঞা ।

(4)


"বিশ্ব পৰিৱেশ দিৱস"ৰ উপলক্ষে.......

প্রকৃতি

..............

আজিকালি প্রকৃতিৰাে নাই কোনাে

ভৰষা,

আৱৰীয়া বতৰতাে নামি আহে বৰষা।

হঠাতে ভূঁইকপ, হঠাৎ আহে ফণী,

ভূপৃষ্ঠৰ বুকুত কৰে তাণ্ডব নৃত্যখনি।

সাগৰ-মহাসাগৰতাে ঢৌৱে লহৰ তােলে,

বিদ্যুৎশক্তিৰ বাবে আকৌ নদীবান্ধ

বান্ধে।

তাতে আকৌ বিশ্বজুৰি মহামাৰীৰ

খলকনি,

গেছৰ ক্ৰোধত শতজনে দিছে প্রাণ

ঢালি।

ন্যায়ৰ সন্ধানত কিমানজনে খাব।

হাবাথুৰি,

ধর্ষণৰ খেলখন শেষ নহ'বই নেকি?

চাৰিওফালে কেৱল মাথোঁ অট্টালিকাই

সাজি,

বৃক্ষ ধ্বংসি ৰাজকাৰেঙৰ হৈছা

ৰজা-ৰাণী।

মানৱতা বুলিবলৈ আজি নাই একো

বাকী

সেয়েহে প্ৰকৃতিয়েও দিছে,মৃত্যুৰ

ভাবুকি।

এজোপা বৃক্ষ ৰুই, এশজোপা ধ্বংসি,

বাৰে বাৰে নিজৰ বিপদ নিজেই আনাে

মাতি।

মানৱশ্রেষ্ঠ হৈয়াে আমি

ৰােধ যদি নকৰোঁ প্রকৃতি,

তে'নেহলে ব'লা কৰোঁ মৃত্যুৰ

প্রস্তুতি........


- দুলুমনি গগৈ।

(5)

পৰিৱেশ

...................


এই‌‌ সুন্দৰ পৃথিৱীখনত

সেউজীয়া পৰিৱেশ যেন ক্ৰমাৎ...

নোহোৱা হৈ যাব ধৰিছে,

যান্ত্রিকতাৰ‌ মাজত

আমি যেন পাহৰি গৈছো

আমাৰ সুন্দৰ ধৰণীখনক, এই সেউজীয়া ধৰণীখনৰ লগতে যেন হেৰাই ‌যাব ধৰিছে পক্ষীৰ সুৱলা, সুৰীয়া মাত,

সুন্দৰ পৃথিৱীখনেই যদি

সেউজীয়া ‌হৈ জীপাল হৈ নাথাকে..

মানৱতাৰ অৰ্থ কি থাকিব!‌ আহা আমি সকলোৱে মিলি চৌপাশৰ পৰিবেশ 

আজিৰ এই ৫‌ জুনত বৃক্ষ ৰোপন কৰি..

সুন্দৰ পৃথিৱীখনক কৰি তোলো জীপাল এখনি সেউজীয়া ধৰণী...।। ,,✍️জয়া শৰ্মা, 

কাকপথাৰ, তিনিচুকীয়া

Article (বিশ্ব পৰিবেশ দিৱসৰ ওপৰত প্ৰৱন্ধ) :

(1)

বিৰিখ হৈ জীয়াও আহক........

       

          এবাৰ শাক্যমুনি ভগৱান বুদ্ধই সন্ধিয়াৰ প্ৰাৰ্থনাৰ অন্তত শিষ্য সকলক এডাল শাল গছৰ আত্মজ্ঞানৰ কাহিনী মন দি শুনিবলৈ ক'লে ৷

কেইবাশ বছৰ আগত কাশীৰাজ ব্ৰহ্মদত্তই এবাৰ এটা সুন্দৰ ৰাজপ্ৰসাদ বনাবলৈ দেশৰ চুকে কোনে থকা পাৰ্গত বাঢ়ৈ সকলক আমন্ত্ৰণ দি আনিলে ৷ বাঢ়ৈ সকল নিৰ্দিষ্ট দিনত উপস্থিত হোৱাৰ পাছত ৰজাই ৰাজপ্ৰসাদৰ নক্সাটো দেখুৱাই বুজাই দিছিল যে প্ৰসাদৰ চিলিংখন মাত্র এটা খুটাৰ ওপৰত ঠিয়হৈ থাকিব লাগিব ৷ বাঢ়ৈ সকলে ৰজাৰ কথামতে প্ৰসাদটো বনাবলৈ এডাল বিশাল আৰু পূৰঠ শাল গছৰ প্ৰয়োজন হ'ব বুলি জনালে ৷ৰজাই বাঢ়ৈৰ কথা শুনি সামন্ত প্ৰহৰীক পূৰঠ আৰু বিশাল শালগছৰ সন্ধান কৰিবলৈ নিদিলে ৷ বহুতো বিচাৰ খোচাৰ কৰি অৱশেষত ৰাজপ্ৰসাদৰ কাষৰ বাগিচা খনত থকা আটাইতকৈ পুৰনি আৰু বিশাল শালগছ ডালেই ই নতুন কৈ বনাবলগীয়া প্ৰসাদৰ একমাত্ৰ খুটাটোৰ বাবে উপযুক্ত হ'ব বুলি সিদ্ধান্ত লোৱা হ'ল ৷ ৰজাই শালগছ ডাল কাটি আনিবলৈ বাঢ়ৈ সকলক অনুমতি দি শীঘ্ৰেই ৰাজ প্ৰসাদৰ কাম আৰম্ভ কৰিব দিলে ৷

কাশীৰাজ ব্ৰহ্মদত্তৰ পূৰ্ব পুৰুষতকৈ পুৰণি শাল গছ ডালত বহু বচৰ ধৰি বসবাস কৰি থকা বৃক্ষ দেবতাজনে ৰজাই গছডাল কাটিবলৈ অনুমতি প্ৰদান কৰাৰ বাবে মৰ্মাহত হৈ পৰিছিল ৷ বৃক্ষ দেবতাই সেই ৰাতিয়েই কাশীৰাজ ব্ৰহ্মদত্তক সপোনত দৰ্শন দি গছডাল নাকাটিবলৈ অনুৰোধ কৰিছিল ৷ পাছে ৰজাই ৰাতি দেখা সপোনটোৰ প্ৰতি কোনো গুৰুত্ব নেদেখুৱালে ৷ অৱশেষত কাশীৰাজ নিজৰ সিদ্ধান্তত অটল হৈ থকাৰ উমান পাই খাটাম পুৰুষীয়া শাল গছডালৰ আত্মাই নিজে আহি ৰজাৰ সন্মুখত ঠিয় দি ক'লে, ৰাজন আপুনি মোক গুৰিতে কাটি বগৰাই নেপেলাব ৷ প্ৰথমে মোৰ আগৰ অংশটো সাৱধানে কাটি পেলাব ৷ তাৰ পাছত ডাল সমূহ ৰেপি ৰেপি কাটি পেলাব ৷ চাব যাতে ডাল সমূহ অসাৱধান ভাবে মাটিত পৰি নাযাই ৷ আৰু শেষত মোক একেটানে মাটিৰ পৰা উঘালি পেলাব ৷

কাশীৰাজ ব্ৰহ্মদত্তই শালগছ ডালৰ আত্মাৰ কথাখিনি শুনি উৎসুকতাৰে প্ৰশ্ন কৰিলে, হে শাল বৃক্ষ কিহৰ কাৰণে আপুনি ইমান যন্ত্ৰণাদায়ক মৃত্যু বিচাৰিছে? অলপ খোলাকৈ কওকছোন ৷

শাল বৃক্ষই কাশীৰাজ ব্ৰহ্মদত্তৰ প্ৰশ্নৰ উত্তৰত কলে, ৰাজন মই কেইবাশ বছৰ ধৰি এইখন ঠাইত জীৱন নিৰ্বাহ কৰিলো ৷ মই মোৰ এই দীৰ্ঘ জীৱনটোত আপোনাৰ বহুটো উপৰিপুৰুষৰ জীৱনকালত দেখিলো, বহুটো তৰু তৃণৰ জন্ম মৃত্যুও দেখিলো ৷ বচৰ বচৰ ধৰি বহুতো চিনাকী অচিনাকী, কিট পতংগ আৰু চৰাই চিৰিকটিয়ে কাৰণে মোৰ ডাল পাতত ঘৰ সংসাৰ পাতি আছে ৷ আপুনি গুৰিতে কাটি মোক বগৰাই পেলালে সেই নিৰ্দোষী নিচলা প্ৰাণীবোৰৰ অকাল মৰণ হ'ব ৷ নতুন কৈ জন্ম পোৱা পোৱালিবোৰ আৰু উমনিত থকা কণীবোৰৰ ভ্ৰূণ পোৱালিবোৰে পৃথিৱীখন দেখাৰ আগতেই তাহাঁতৰ আশাৰ পৃথিৱীখন চূড়মাৰ হৈ যাব ৷ মোৰ বিশাল শৰীৰটো ভূমিত পৰি গলে তলত নতুনকৈ গজালি মেলা তৰু তৃণবোৰো ধংস হৈ যাব ৷ সেই গতিকে মোক ৰেপি ৰেপি কাটি আৰু শেষত উভালি পেলালে অন্তঃত কিছু পৰিমাণে চৰাই চিৰিকটিৰ লগতে কিট পতংগৰো প্ৰাণ বাচি যাব ৷ 

শাল গছডালৰ আত্মাই কথা শুনি কাশীৰাজ ব্ৰহ্মদত্তৰ অবস্থা শিল পৰা কপৌটোৰ দৰে হ'ল ৷ ৰজাই নিজে কৰিব ওলোৱা ভূলৰ বাবে অনুতপ্ত হ'ল আৰু ৰাজ প্ৰসাদৰ নিৰ্মাণৰ কাৰণে ভবিষ্যতেও যাতে গছ বিৰিখ কাটিব নোৱাৰিব তাৰ কাৰণে আইন প্ৰণয়ন কৰি দিলে ৷ ভগৱান বুদ্ধই কাশীৰাজ ব্ৰহ্মদত্তৰ কাহিনীটো কোৱাৰ পাছত শিষ্যগনকো প্ৰকৃতিৰ সুৰক্ষা প্ৰতি নিজকে দায়বদ্ধ হ'বলৈ উদ্বুদ্ধ কৰিছিল ৷

           আমাৰ পূন্যভূমি ভাৰতবৰ্ষ সচাঁকৈয়ে বহুটো উচ্চ মানদণ্ডৰ ৰীতি নীতি, বিশ্বাস আৰু সমাজ ব্যৱস্থাৰে সমৃদ্ধ আছিল ৷ পৰবৰ্তীকালত বিভিন্ন জাতি ধৰ্মলোকৰ অগ্ৰাসনৰ কবলত আমাৰ অতীজৰ বিশ্বাস ব্যৱস্থা আৰু চিন্তাধাৰাৰ অপমৃত্যু হ'ল ৷ পাশ্চাত্যৰ উপনিবেশবাদৰ কবলত আমি নিজকে নিজে পাহৰি যাবলৈ ধৰিলো ৷ তেওঁৰলোকৰ সন্মুখত নিজকে হীনমন্য সজাবলৈ ল'লো । তাৰেই সুযোগ লৈ আজি পাশ্চাত্যৰ বুদ্ধিজীৱী সকলে আমাৰ পুৰনি ঐতিহাসিক সমাজ ব্যৱস্থা, বিশ্বাস ব্যৱস্থা আৰু ৰীতি নীতিবোৰক কৌশলগত ভাবে নিজৰ ভাষাৰে ৰচনা কৰি আমাৰ জ্ঞান চকু মেল খুৱাবলৈ তৎপৰ হৈ পৰিছে ৷ প্ৰকৃতিৰ প্ৰতি সন্মান আৰু সুৰক্ষাৰ বাবে সামাজিক দায়বদ্ধতাৰ কথা পুৰাণ আৰু উপনিষদটো বহু দৃষ্টান্ত পঢ়িবলৈ পোৱা যায় ৷ পুৰাণত উল্লেখ আছে- 

" ছায়ামনস্য কুৰ্ৱন্তি তিষ্ঠন্তি স্ৱমাতপে।

ফলান্য়াপি পৰাৰ্থায় ৱৃক্ষাঃ সৎ্পুৰূষাঃ ইৱ ।।"


অৰ্থাত এডাল গছে নিজে সূৰ্য্যৰ তীব্ৰ ৰ'দ সহ্য কৰি আনক ছাঁ দিয়ে, নিজৰ ফলেৰে ভোকাতুৰৰ পেট ভৰোৱাই ৷ একেদৰে এজন সৎ মানুহেও নিজৰ কষ্টোপাৰ্জিত জ্ঞান, বুদ্ধি আৰু ধন পৰোপকাৰৰ বাবে মঙ্গলৰ কাৰণে উৎসৰ্গা কৰে ৷ আহক আমিও কাশীৰাজ ব্ৰহ্মদত্তৰ ৰাজ্যৰ উদাৰ মনৰ বিশাল হৃদয়ৰ শাল গছডালৰ চানেকিৰে উদ্বুদ্ধ হৈ প্ৰকৃতিৰ সুৰক্ষা আৰু সংৰক্ষণৰ বাবে নিজকে দায়বদ্ধ কৰি তোলো আৰু এখন সুন্দৰ পৃথিৱীৰ সূচনা কৰো ৷



বিঃদ্ৰঃ মোৰ কন্যা শ্ৰেয়াংশীয়ে অংকন কৰা ছবিখনৰ আলমত বিশ্ব পাৰিপাৰ্শ্বিক দিবস উপলক্ষে এই লেখাটো যুগুতাই পঠিয়ালো ৷


- চুমিন্দ্ৰ চৌধুৰী, নতুন দিল্লী ৷

০৪৷০৬৷২১

(২)

**বিশ্ব পৰিৱেশ দিৱস আৰু পৰিৱেশ সুৰক্ষাৰ প্ৰাসংগিকতা**

পাঁচ জুন। বিশ্ব পৰিৱেশ দিৱস। পৰিৱেশ সুৰক্ষাৰ বাবে জীৱশ্ৰেষ্ঠ মানুহে বছৰটোৰ ভিতৰত এটা দিন বাছি লব লগা হৈছে। পৃথিৱীৰ জনসংখ্যা ব্যাপক হাৰত বৃদ্ধি হোৱাৰ বাবে বিভিন্ন কাৰণত পৰিৱেশ বিনষ্ট হব ধৰিছে। পৰিৱেশ যদি সুস্থ নহয় মানৱ জাতিৰ বাবেই বিপদ। কাৰণ মানৱ সভ্যতাটো পৰিৱেশৰে দাস হয়। প্ৰাকৃতিক সম্পদসমূহৰ ভিতৰত নিসন্দেহে গছে পৰিৱেশ সুস্থিৰ কৰি ৰখাত উল্লেখযোগ্য ভূমিকা পালন কৰে। আমি জীৱশ্ৰেষ্ঠ মানুহে সকলো জানিও অনাহকতে অৰণ্যৰ ধ্বংসযজ্ঞত নামি পৰিছো। কাৰণ আমাক বর্তমানক ভোগ কৰিব লাগে, ভৱিষ্যতক নালাগে। হয়তো পৃথিৱীৰ আটাইতকৈ জঘন্য তথা অতি নিকৃষ্ট প্ৰাণী আমি, এফালৰ পৰা সকলো গ্ৰাস কৰি গৈছো, সকলো ধ্বংস কৰি গৈছো। ভৱিষ্যতৰ কথা চিন্তা কৰিবৰ আমাৰ সময়ো নাই আৰু প্ৰয়োজনো নাই। মানৱ সৃষ্ট কিছুমান কার্য্যকলাপে আজি বিশ্বৰ পৰিৱেশ সলনি কৰাত সহায় কৰিছে। কিছু প্ৰকৃতিগত কাৰণো নথকা নহয়। বানপানী, ভূমিস্খলন, গৰাখহনীয়া, ব্যাপক হাৰত ৰাসায়নিক দ্ৰব্যৰ ব্যৱহাৰ আদি। এইবিলাকৰ লগত সহাৱস্থান কৰি বাছি থাকিবলৈ হ’লে আমি যিমান পাৰো প্ৰাকৃতিক পৰিৱেশ সুৰক্ষাৰ ওপৰত গুৰুত্ব দিব লাগিব। পৃথিৱীত সেউজীয়া কমি গৈছে। এই কথা পৃথিৱীৰ সকলো দেশেই এতিয়া মর্মে মর্মে উপলব্ধি কৰিছে।


এক ঐতিহাসিক পটভূমিত ৰাষ্ট্ৰসংঘৰ পৃষ্ঠপোষকতাত ১৯৭২ চনত ৫-১৬ জুনলৈ পৰিৱেশ সন্মিলন আৰম্ভ হৈছিল ষ্টকহ’মত। বিশ্বৰ ১১৩০খন দেশৰ নেতৃবৰ্গই পৰিৱেশৰ সম্পর্কে বিতংভাৱে আলোচনা কৰে। পৃথিৱীখনক কেনেদৰে ভৱিষ্যৎ প্ৰজন্মৰ বাবে সুৰক্ষিত কৰিব পাৰি, ঔদ্যোগিক উন্নয়নৰ ফলত হোৱা পৰিৱেশ ক্ষতি কেনেদৰে ৰোধ কৰিব পাৰি – এই সন্দৰ্ভত সন্মিলনে ভালেমান সিদ্ধান্ত গ্ৰহণ কৰে। এইবাৰ মংগোলিয়াত বিশ্ব পৰিবেশ দিৱসৰ প্ৰধান কাৰ্য্যসূচী অনুষ্ঠিত হব।বিশ্ব পৰিৱেশ দিৱসৰ এইবাৰৰ প্ৰধান বাণী হ’ল- থিংক, ইট এণ্ড ছেভ। ৰাষ্ট্ৰসংঘৰ খাদ্য আৰু কৃষি সংস্থাৰ তথ্য মতে বিশ্বত বছৰি ১.৩ বিলিয়ন টন খাদ্য পেলাই দিয়া হয় কিন্তু একে সময়তে অনাহাৰে বহু লোকে মৃত্যুক সাৱটি লব লগা হৈছে। এই মুহূৰ্তত পৰিৱেশ দিৱসৰ থিংক, ইট এণ্ড ছেভৰ গুৰুত্বও যেন অসাৰ হৈ পৰে। তাৰোপৰি এই বিশেষ দিনটোতহে মাথো কিয় মানুহে পৰিৱেশ সুৰক্ষাৰ হকে কাম কৰিবলৈ অংগীকাৰবদ্ধ হ’ব লাগে?


পৃথিৱীৰ আটাইতকৈ নিৰীহ জীৱই হৈছে গছ। যিয়ে প্ৰকৃতিৰ বহু উপকাৰ সাধে, কিন্তু বিনিময় একো নিবিচাৰে। চিত্ৰকৰ প্ৰণৱ দাসৰ এখন ছবি দেখিছিলো কৰবাত ‘বৃক্ষৰ খোজ’। মানে ভৰি থকা গছ। কল্পনা কৰিলে হাঁহিও উঠে আৰু ভালো লাগে। কি যে মজা হ’লহেতেন, যদি কোনোবাই কাটিব আহে হাতত কুঠাৰ বা কঁৰত লৈ খুউব দৌৰিলেহেঁতেন ছাগে। তেতিয়া হয়তো মানুহে প্ৰকৃতি সংৰক্ষণৰ বাবে ইমান বেছি চিঞৰ-বাখৰ কৰিব নালাগিলহেতেন।


যিটো সময়ত বনজ সম্পদ সুৰক্ষাৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ত জনজাগৰণৰ সৃষ্টি হৈছে সেই সময়ত কিন্তু চোৰাং বেপাৰীয়ে অবাধ লুণ্ঠন চলাইছে অসমৰ বিভিন্ন বনাঞ্চলৰ বনজ সম্পদৰ ওপৰত আৰু উদ্বেগজনকভাৱে বাঢ়ি অহা বেদখলকাৰীসকল আছেই। এই সকলোৱে লগলাগি এক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰাটো খাটাং হৈ পৰিছে। কিন্তু পৰিতাপৰ কথা যে এইবিলাকৰ ওপৰত যিমানেই চিঞৰ-বাখৰ কৰা নহওক কিয়, যিমানেই লিখা-মেলা কৰা নহওক কিয় আমাৰ জনপ্ৰতিনিধি সকলে দেখোন নেদেখা-নুশুনাৰ ভাও ধৰে, মৌন হৈ ৰয়। আচৰিত কথা। কিন্তু আমি নিজেও সচেতন হব লাগিব, কাৰণ তেওঁলোকক দোষ দিও লাভ নাই। কাৰণ প্ৰবাদ আছেযে, লংকালৈ যিয়ে যায় সিয়ে বোলে ৰাৱণ হয়। চেগাচোৰোকাকৈ চৰকাৰে বৃক্ষৰোপণৰ ব্যৱস্থা কৰিছে সামাজিক বনানীকৰণৰ দ্বাৰা। চৰকাৰৰ বন বিভাগৰ জৰিয়তে বিনামূলীয়া গছপুলি যোগানৰ ব্যৱস্থাও কৰা হৈছে। বহুতো স্বেস্বাসেৱী অনুষ্ঠান-প্ৰতিষ্ঠান, সংঘ-সমাজ আদিয়েও বিভিন্ন কাৰ্য্যসূচীৰে বৃক্ষৰোপণৰ অভিযান চলাইছে। কিন্তু সিমান ফলপ্ৰসূ হব পৰাগৈ নাই। কাৰণ জনসচেতনতাৰ অভাৱ। বহু ক্ষেত্ৰত দেখা যায় যে, গছপুলি এটা ৰোৱাৰ পাছত তাত অন্ততঃ কিছুদিনলৈ পানী দিয়াৰ প্ৰয়োজন। কিন্তু পানী দিব কোনে? কাষৰীয়া আমিবোৰেই দিব নালাগিব জানো! আৰু পুলিটো ৰোৱাৰ পাছত গৰু-ছাগলী ইত্যাদিৰ পৰা হাত সাৰিবলৈ যিটো বেৰ দিয়া হয়, কাষৰীয়া কিছু লোকে তাক এৰুৱাই নি খৰি হিচাপে ব্যৱহাৰ কৰা দেখা যায়। গতিকে এইসকল লোকে জানি কৰে নে নাজানি কৰে এই ভুল সচেতনসকলে তাক চোৱাৰ দৰকাৰ।মাত্ৰ গছ পুলিটো ৰুই দাই সাৰিলেই নহব, তাক ৰক্ষণাবেক্ষণো দিব লাগিব। ৰাইজ আৰু চৰকাৰ সকলোৰে যৌথ প্ৰচেষ্টাৰ ফলতহে পৰিৱেশ সুস্থ আৰু সবল হ’ব। লগতে ভৱিষ্যত প্ৰজন্মও সুৰক্ষিত হব।


ইফালে সত্ৰ নগৰী মাজুলী ক্ৰমাৎ লুইতৰ বুকুত হেৰাই যাব ধৰিছে। চাৰিওফালৰপৰা হোৱা গৰাখহনীয়াৰ ফলত সংকুচিত হৈ আহিছে মাজুলী। শেহতীয়া তথ্য অনুসৰী মাজুলীৰ ১২৬৫ বৰ্গ কিলোমিটাৰ ভূমিৰ পৰা নদীৰ বুকুত জাহ গৈ আছেগৈ মাথো ৫২৫ বৰ্গ কিলোমিটাৰহে। আৰু নিশ্চিহ্ন হৈ গ’ল ৩৪ খন সত্ৰ। এইয়া অতি পৰিতাপৰ কথা। প্ৰকৃতিৰ ৰাণী মাজুলীৰ প্ৰাকৃতিক সৌন্দৰ্য্য কেতিয়াবাই ম্লান হৈ গ’ল। এই মাজুলীতেই মহাপুৰুষ দুজনা শংকৰদেৱ আৰু মাধৱদেৱে একেলগে ধৰ্ম চৰ্চা কৰিছিল আঁহতগুৰি মৌজাৰ অন্তৰগত ধোৱাহাত-বেলগুৰি সত্ৰত। পৰিতাপৰ কথা যে এই সত্ৰ বৰ্তমান লুইতৰ বুকুত। ইমান এডোখৰ পবিত্ৰ স্থান ৰক্ষা কৰিব নোৱাৰাটো অসম চৰকাৰৰ বাবে লজ্জাজনক কথা। বৰ্তমানেও বিপদৰ সন্ধিক্ষণত থকা বেঙেনাআটি, দক্ষিণপাট, ভোগপুৰ আদি সত্ৰকেইখনক ৰক্ষাৰ বাবে একো বিশেষ পদক্ষেপ লোৱা দেখা নাই। যেতিয়া এই সত্ৰসমূহৰ সত্ৰাধিকাৰ সকলেই স্বয়ং চৰকাৰক অনুনয়-বিনয় কৰে সত্ৰসমূহ ৰক্ষা কৰিবৰ বাবে, অৱস্থান ধৰ্মঘট, অনশন আদি কৰে। ইয়াতকৈ পৰিতাপৰ আৰু লজ্জাজনক কথা আৰু কি থাকিব পাৰে বাৰু? মাজুলী সুৰক্ষাৰ দায়িত্বত কেন্দ্ৰীয় চৰকাৰৰ ব্ৰক্ষ্মপুত্ৰ বৰ্ডৰ দৰে এটা বৃহৎ বিভাগ আছে। যিখন ব্ৰক্ষ্মপুত্ৰ বৰ্ডে ২০০৪ চনৰ পৰা মাজুলী সুৰক্ষাৰ দায়িত্বত আছে। কিন্তু কামত লগাব পৰা নাই অসম চৰকাৰে। এইবিলাক সমস্যালৈ পিঠি দি তেওঁলোক মাত্ৰ ব্যস্ত ক্ষমতাৰ খোৱা-কামোৰাক লৈহে। নিঃচিহ্ন হৈ যাওক ঐতিহ্যমণ্ডিত মাজুলী, তাত তেওঁলোকৰ কি আহে যায়!! এনেদৰে থাকিলে হয়তো অতি সোনকালে মানচিত্ৰৰ বুকুৰ পৰা হেৰাই যাব ৰুপহী মাজুলী।


- ৰুমী গগৈ


Story ( বিশ্ব পৰিবেশ দিৱসৰ ওপৰত গল্প):

পৰিৱেশ দিৱসৰ অনুভৱেৰে………

🌳🌳🌳🌳🌳 🌳🌳🌳

ইয়াত এজোপা গছ আছিল

===========================

ঃকি আছিল বাৰু ইয়াত! ঠাইখনতো ইমান উন্মোক্ত উকা নাছিলচোন আগতে! শূণ্যতাই বিৰাজ কৰা ঠাইখনত কি আছিল বাৰু!……


        বহুত দিনৰ পাছত চিনাকি তিনি আলিটোত গাড়ীৰ পৰা নামি ভাবুক হৈ পৰিল অসীম। চিনাকি ঠাইখিনি অচিনাকি যেন লাগিল অসীমৰ। সি মনত পেলাবলৈ যত্ন কৰিলে গাঁৱৰ গড়কপ্তানী-পথটোৰে ৰাজ আলিটো স্পৰ্শ কৰা তাৰ চিনাকি তিনি আলিটোত আজি কি নাই বাৰু!           


     মনত পৰাৰে পৰা কিমানবাৰ অহা-যোৱা কৰিছে এই পথৰে। হাইস্কুলীয়া আৰু কলেজীয়া সময়খিনিত এই তিনি আলিটোতে কিমানবাৰ ৰৈছে । যাত্ৰা পথৰ এখন গাড়ীৰৰ কাৰণে ইয়াতে সি অপেক্ষা কৰিছে।অথচ আজি যেন কিবা অচিনাকি লাগিল তাৰ ঠাইখন ।চিনাকি বাটতো যেন অচিনাকি হৈ পৰিল।


ঃতাৰ ভুল হোৱা নাই তো ?… নিজকে প্ৰশ্ন কৰিলে সি।


     কথাবোৰ ভাৱি ইফালে সিফালে চালে । বিস্মৃতিৰ অটল তলিত ৰিণিকি ৰিণিকি উজ্বলি উঠিল এখন ছবি। বৃহৎ এটি ছাতিৰ দৰে সমগ্ৰ তিনি আলিটো আৱৰি ধৰি, ৰ'দ , বৰষুণ, বতাহ স্হিতপ্ৰজ্ঞ হৈ , অলেখ পক্ষী-পতংগ, দই এটা জীৱক আশ্ৰয় প্ৰদান কৰি, নিৰ্মল বতাহৰ যোগান ধৰি, সকলো পদ-পথিকৰ এপলক জিৰণীৰ স্থল হৈ থকা শ বছৰ পুৰণী বিয়াগোম বৰ-গছ জোপাৰ কথা। 


         সন্মতি ঘুৰি আহিল তাৰ। ইয়াত এজোপা গছ আছিল।এতিয়াহে মনত পৰিল চাৰি-লেন যুক্ত পকী ঘাই পথৰ নিৰ্মাণৰ কথা। অজান শোক এটাই অসীমৰ মনটো গধুৰ কৰি পেলালে।


ঃএনেদৰে আৰু বা কিমান গছ কটা গ'ল বাৰু অসমৰ ইমুৰে-সিমুৰে? তাৰ জীৱনৰ বাকী থকা সময়বোৰত পাবনে আকৌ তেনে এজোপা বিয়াগোম বৰ-গছ?


          কথাবোৰ ভাবি ভাবি , তিনি বছৰৰ পাছত চিনাকি পথটোৰে ঘৰলৈ খোজ দিলে অসীমে।

=======================================

প্ৰবীণ দত্ত/ শিৱসাগৰ

০৬/০৬/২০২০

আলোকচিত্ৰ :

(1)


"গছ থাকিলেহে মানুহ থাকিব" - লুহিত ৰাজ


                        ধৰিত্ৰী-১  (আগলৈ)


Comments

Popular Posts